আজিয়ে ফুল টেংকী ভৰাই লওক
প্ৰতিদিনে ৫লাখ বেৰেল উৎপাদন হ্ৰাস কৰিব অপেকে
সদস্য দেশৰ বৈঠকত OPEC –এ সিদ্ধান্ত লৈছে যে প্ৰতিদিনে ৫লাখ বেৰেল খাৰুৱা তেলৰ উৎপাদন হ্ৰাস কৰা হ’ব। খাৰুৱা তেলৰ মূল্যৰ সঘন সলনিৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে। একেসময়তে ডলাৰৰ বিপৰীতে টকাৰ মূল্য আৰু অপেকৰ এই সিদ্ধান্তই সাধাৰণ মানুহক আকৌ অশান্তি দিব পাৰে।
২টকালৈকে বাঢ়িব পাৰে পেট্ৰ’ল–ডিজেলৰ মূল্য
কেড়িয়া কম’ডিটিৰ সঞ্চালক অজয় কেড়িয়াৰ মতে অপেকৰ এই সিদ্ধান্তৰ পিছত যদিহে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪ডলাৰকৈ বাঢ়ে আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতন ঘটি থাকে তেনেহ’লে ভাৰতত পেট্ৰ’ল–ডিজেলৰ মূল্যত প্ৰভাৱ পৰিব। প্ৰায় ২টকালৈকে প্ৰতি লিটাৰ পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িব পাৰে বুলি তেওঁ কয়।
অৱশ্যে তেওঁ জনায় যে অপেক দেশসমূহে উৎপাদন হ্ৰাস কৰিলেও আমেৰিকাই ইতিমধ্যেই ঘোষণা কৰি ৰাখিছে যে তেওঁলোকে ২০২০চনত উৎপাদন বঢ়াব। এনেকুৱা পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ দামত বিশেষ প্ৰভাৱ নপৰে। কেড়িয়াই লগতে কয় যে ভূ–ৰাজনৈতিক অস্থিৰতা অব্যাহত থাকিলে ইয়াৰো প্ৰভাৱ খাৰুৱা তেলৰ মূল্যত পৰিব।

No comments