Breaking News

বেংক একাউণ্টত পইচা নাথাকিলেও আপুনি উলিয়াব পাৰিব টকা, কেনেকৈ

সাধাৰণতে ছেভিংছ একাউণ্টত গ্ৰাহকে প্ৰতিমাহে ন্যূনতম বেলেঞ্চ নাৰাখিলে জৰিমনা ভৰিব লাগে। অৱশ্যে ছেলাৰী একাউণ্টৰ ক্ষেত্ৰত এই বাধ্যবাধকতা নাই। কিছুমান এনে একাউণ্টো আছে, য’ত ন্যূনতম বেলেঞ্চ ৰখাটো বাধ্যতামূলক নহয়।

এইধৰণৰ একাউণ্টসমূহৰ ভিতৰত জন ধন যোজনাও আছে। জন ধন যোজনা একাউণ্টত ইয়াৰ উপৰি কেইবাটাও সুবিধা পোৱা যায়। এই একাউণ্টত অভাৰড্ৰাফ্টৰ সুবিধাৰ সৈতে ৰুপে’ ডেবিট কাৰ্ডো উপলব্ধ কৰোৱা হয়। এই ডেবিট কাৰ্ডত ১ লাখ টকাৰ দুৰ্ঘটনাজনিত বীমা বিনামূলীয়াকৈ পোৱা যায়।

অভাৰড্ৰাফ্ট সুবিধাৰ বাবে গ্ৰাহকে প্ৰথম ৬ মাহৰ বাবে পৰ্যাপ্ত বেলেঞ্চ ৰখাটো বাধ্যতামূলক। ইয়াৰ লগতে গ্ৰাহকে ৰুপে’ ডেবিট কাৰ্ডৰ জৰিয়তে দৈনিক লেনদেন কৰাটো প্ৰয়োজনীয়।

ইয়াৰ পিছত যিটো বেংকত এই একাউণ্ট খোলা হৈছে, সেই বেংকটোৱে যদি যোগ্য বুলি ভাবে তেন্তে গ্ৰাহকজনক ৫,০০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা প্ৰদান কৰে। ইয়াৰ বাবে জন ধন একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হ’ব লাগিব। আপুনি এই অভাৰড্ৰাফ্টৰ সুবিধা সামান্য সুদ পৰিশোধ কৰিয়ে লাভ কৰিব পাৰে।

যদি গ্ৰাহকে পুৰণি বেলেঞ্চ সঠিক সময়ত সম্পূৰ্ণ কৰে তেন্তে আগলৈ তেওঁ ঋণ লোৱাৰ সুবিধাও লাভ কৰে। উল্লেখযোগ্য যে আধাৰ লিংক থকা জন ধন একাউণ্টধাৰীয়ে চৰকাৰী ৰাজসাহায্য আঁচনিৰ জৰিয়তে পোনপটীয়াভাৱে সুবিধা লাভ কৰিব পাৰে। ইয়াৰ জৰিয়তে কোনো চৰকাৰী ৰাজসাহায্যৰ ধন তেওঁৰ একাউণ্টত পোনপটীয়াকৈ জমা হ’ব।
ইয়াৰ উপৰি ১৫ আগষ্ট ২০১৪ৰ পৰা ২৬ জানুৱাৰী ২০১৫ৰ ভিতৰত যদি কোনোৱে জন ধন একাউণ্ট খুলিছে তেন্তে তেওঁ ৩০ হাজাৰ টকাৰ বীমাৰ সুবিধাও লাভ কৰিব পাৰে। যোগ্য বুলি বিবেচিত হ’লে এই সুবিধা লাভ কৰিব পাৰে গ্ৰাহকে।

No comments